ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ নতুন সেনাপ্ৰধান নিযুক্তি ৷ লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ নাম পাকিস্তানৰ নতুন সেনাপ্ৰধান হিচাপে বাচনি কৰা হৈছে ৷
বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে তেওঁক সেনা প্ৰধান হিচাপে বাছনি কৰিছে। এই সন্দৰ্ভত নথিপত্ৰ সমূহ ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ প্ৰেৰণ কৰা হৈছে। এই কথা সদৰী কৰে পাকিস্তানৰ তথ্য মন্ত্ৰী মৰিয়াম ঔৰঙ্গজেবে ৷
ইয়াৰ ওপৰিও লেফটেনেন্ট জেনেৰেল চাহিৰ চামশাদ মিৰ্জাক জইন্ট চীফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে ৷ জইন্ট চীফ অফ ষ্টাফ কমিটিয়ে তিনিওটা সশস্ত্ৰ বাহিনীৰ সমন্বয়ক হিচাপে কাম কৰে। আনহাতে জইন্ট চীফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় কমাণ্ড কৰ্তৃপক্ষৰ মুখ্য সামৰিক উপদেষ্টা।