Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়লাইভ ষ্ট্ৰীমিঙৰ পিছত উচ্চতম ন্যায়ালয়ত এইবাৰ আৰটিআই পৰ্টেল

লাইভ ষ্ট্ৰীমিঙৰ পিছত উচ্চতম ন্যায়ালয়ত এইবাৰ আৰটিআই পৰ্টেল

ডিজিটেল ডেস্ক, ANEWS24X7: লাইভ ষ্ট্ৰীমিঙৰ পিছত এইবাৰ আৰটিআই পৰ্টেল ৷ উচ্চতম ন্যায়ালয়ে লৈছে বৃহৎ পৰিৱৰ্তনৰ লক্ষ্য ৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে মুকলি কৰিলে আৰটিআই পৰ্টেল ৷ ন্যায়িক প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ আৰু গতিশীল কৰাৰ উদ্দেশ্যে মুকলি কৰা হৈছে এই পৰ্টেলটো ৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মুকলি কৰে এই আৰটিআই পৰ্টেলটো ৷

১৫ নৱেম্বৰত এক গোচৰৰ শুনানীৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ত আৰটিআই পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ন্যায়িক প্ৰক্ৰিয়াটো অধিক স্বচ্ছ আৰু গতিশীল কৰি তুলিবলৈ যোৱা কেইদিনমানধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২৭ ছেপ্টেম্বৰত, তদানীন্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ উদ্যোগত, উচ্চতম ন্যায়ালয়ৰ গোচৰৰ শুনানিৰ ‘লাইভ ষ্ট্ৰীমিং’ বা পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments