ডিজিটেল ডেস্ক, ANEWS24X7: বিপদে লগ এৰা নাই ব্ৰিটেইনৰ ৰাজনীতিত ৷ বিপদত এইবাৰ এমাহ পূৰ্বে প্ৰধানমন্ত্ৰীৰ দ্বায়িত্ব গ্ৰহণ কৰা ঋষি চুনাক ৷ বিদ্ৰোহৰ সন্মুখীন হৈছে নিজ দলৰে সাংসদ সকলৰ ৷ সংসদত উত্থাপন কৰা চৰকাৰৰ গৃহ বিধেয়কৰ বিৰোধিতা কৰিছে নিজ দলৰে আইন প্ৰণেতা সকলে ৷ ইয়াৰ পিছতে বিৰোধী সাংসদ সকলেও বিধেয়কখন সংশোধন কৰিবলৈ দাবী জনাইছে ৷
বুধবাৰে ব্ৰিটেইনৰ নিম্ন সদন হাউচ অৱ কমঞ্চত ‘‘লেভেলিং-আপ এণ্ড ৰিজেনাৰেচন’’ শীৰ্ষক বিল খন বিতৰ্কৰ বাবে গ্ৰহণ কৰা হৈছিল ৷ এই বিধেয়ক খনৰ বিৰোধিতা কৰিছে শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ ৪৭ গৰাকী সাংসদে ৷ এই সকল সাংসদে বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱত স্বাক্ষৰ কৰিছে ৷ ৪৭ গৰাকী সাংসদে স্থানীয় পাৰিষদ সমূহৰ ওপৰত বাধ্যতামূলক আৱাসৰ লক্ষ্য আৰোপ কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৷
নিজ দলৰ সাংসদ সকলৰ বিৰোধিতাৰ বাবে এতিয়া তীব্ৰ চাপৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী ঋষি চুনাক ৷‘‘লেভেলিং-আপ এণ্ড ৰিজেনাৰেচন’’ বিধেয়ক খনৰ বাবে শাসকীয় দলৰ মাত্ৰ ৬৯ জন সংসদৰ সমৰ্থন লাভ কৰিছে প্ৰধানমন্ত্ৰী ঋষি চুনাকে ৷ ইয়াৰ ফলত বিধেয়ক খনৰ বাবে ভোটৰ দিন পিছুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটেইনৰ সংসদে ৷