ডিজিটেল ডেস্ক, ANEWS24X7: মাদক দ্ৰব্য সেৱন কৰি দেশত কিমান জন লোকৰ মৃত্যু হৈছে , কিমানজনে তেওঁলোকৰ হিচাপ ৰাখিছে? কিন্তু দেশৰ হৈ যুঁজ দি থাকোতে আপোনাৰ পুত্ৰ শ্বহীদ হৈছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেন যুদ্ধত নিহত হোৱা সৈনিকসকলৰ ১৭ পৰিয়ালক সাক্ষাৎ কৰি এই মন্তব্য কৰে ৷ যুদ্ধত প্ৰাণ হেৰুৱা সৈনিক সকলৰ মাতৃসকলক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে ৷
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত বৰ্তমানলৈকে কেইবা হাজাৰ সৈনিক নিহত হৈছে ৷ যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিকসকলৰ মাতৃসকলে ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিবলৈ গৈছিল ৷ সৈনিক সকলৰ মাতৃসকলে পুটিনক প্ৰশ্ন কৰিছিল যুদ্ধ কেতিয়া বন্ধ হ’ব ? আৰু কিমান গৰাকী মাতৃৰ কোলা খালী হ’ব ? এই প্ৰশ্ন উত্তৰত পুতিনে কয় ,‘‘দেশত ভদকা খাই কিমান জন লোকৰ মৃত্যু হৈছে। কোনেও তেওঁলোকক বিচাৰি থকা নাই। কিন্তু আপোনাৰ পুত্ৰ দেশৰ বাবে শ্বহীদ হৈছে।’’
সৈনিক সকলৰ পৰিয়ালক সম্বেধন কৰি পুটিনে কয় যে ,‘‘তেওঁলোকৰ সন্তানক হেৰুওৱাৰ বেদনা বুজি পাইছো ৷ কেনেও মাকৰ ওচৰত পুত্ৰৰ স্থান ল’ব নোৱাৰে ৷ ৰাছিয়ান চৰকাৰ সদায় সামৰিক পৰিয়ালৰ কাষত থাকিব ৷’’
উল্লেখ্য যে শেহতীয়াকৈ ৰাছিয়ান সৈনিক সকলৰ পিয়ালৰ লোক সকলে সামাজিক মাধ্যমৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁলোকে দাবী কৰিছিল যে প্ৰশিক্ষণ অবিহনে সৈনিক সকলক যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ তেওলোকে লাভ কৰা নাছিল পৰ্যাপ্ত সা-সুবিধা ৷ ইয়াৰ পিছতে ৰাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷এনে পৰস্থিতিৰ মাজতে সৈনিক সকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতি পুটিনে ৷
ৰাষ্ট্ৰপতি পুটিনে সৈনিকৰ পৰিয়ালক উৰাবাতৰি নুশুনিবলৈ অনুৰোধ জনাই ৷ তেওঁ কয় ,মই প্ৰতিমুহূৰ্ততে সৈনিক সকলৰ সৈতে যোগাযোগত থাকো ৷ তেনে কোনো পৰিস্থিতি হোৱা নাই ৷ আমাৰ সৈনিক , আপোনালোকৰ পুত্ৰসকল নায়কৰ দৰে দেশৰ বাবে যুঁজ দি আছে ৷