ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে এটা সু-খবৰ। গুৱাহাটী মহানগৰীৰত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷ ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন ৷
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলাইছে বিচিচিআইয়ে ৷ ইয়াৰ বাবে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ষ্টেডিয়াম পৰ্যবেক্ষণ কৰিবলৈ আহিব বিচিচিআইৰ এটা উচ্চ পৰ্যায়ৰ দল ৷ সকলো ঠিকে থাকিলে জানুৱাৰী মাহত অসমবাসীয়ে বৰ্ষাপাৰা ষ্টেডিয়ামত গৈ উপভোগ কৰিব পাৰিব আৰু এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ