ডিজিটেল ডেস্ক, ANEWS24X7: গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিচি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ ৰক্ষা কৰি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি গৰাকী ৷ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰথমবাৰলৈ উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি ৷
ইজিপ্ত আৰু ভাৰতৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক পুৰণি ৷ দুয়োখন দেশে এই বছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ অতিক্ৰম কৰিছে ৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিচিৰ উপস্থিতিয়ে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব ৷
উল্লেখ্য যে ২০২১ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কভিড পৰিস্থিতিৰ বাবে ভ্ৰমণ বাতিল কৰিছিল বৰিছ জনছনে ।