এটা বিশেষ পথ যিটো পথ উজনি অসমৰ চাৰিখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে এই পথটি নাম জানিলে আচৰিত হ’ব আপুনি ।
পথটোৰ নাম জানেনে ?
আপুনি মই হয়তো বহুটো ঐতিহাসিক ঠাই দেখিছো বা বহু ঠাইৰ বিষয়ে ঐতিহাসিক বহু কথাই শুনিছো নহয়নে? যিটো পথ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে এই পথটো ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবৰ বাবে এলাহ কৰা মানুহ অৰ্থাত ধোদৰ ভাঁও ধৰা গোঁসাই, ভকত সকলক ধৰি আনি নিৰ্মাণ কৰা হৈছিল ।
সেই বাবেই এই পথটোৰ নাম দিয়া হৈছিল ধোদৰ আলি । অনুমাণিক ১৬৮১-১৬৯৫ চনৰ এই সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰিছিল। পিছলৈ এই পথটোৰ ডৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱাই ।
এই ডৰিকা দলংখনে শিৱসাগৰৰ ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে । এই পথটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা দক্ষিণ-পূব হৈ গোলাঘাট জিলাৰ মাজেৰে কমাৰবন্ধা হৈ তিতাবৰ,মৰিয়নিৰ মাজেৰে নামৰূপৰ জয়পুৰত সংযোগ হৈছে ।