ডিজিটেল, ডেস্ক ANEWS24X7: ২০২৪ত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পৰিকল্পনা তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ৷ ২০২৪ত কেন্দ্ৰত কে চন্দ্ৰশেখৰ ৰাও ক্ষমতালৈ আহিলে কোনেও আয়কৰ পৰিশোধ কৰিবলৈ ভয় নকৰিব ৷ এই মন্তব্য কৰিছে তেলেংগনাৰ শ্ৰম মন্ত্ৰী চি এইচ মাল্লা ৰেড্ডীয়ে ৷ ৷
দেওবাৰে চিদ্দিপেটত এখন ৰাজহুৱা সভা ভাষণ প্ৰদান কৰি শ্ৰম মন্ত্ৰী চি এইচ মাল্লা ৰেড্ডীয়ে কয় যে ,‘‘ কে চন্দ্ৰশেখৰ ৰাওৱে ২০২৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিব ৷ তেতিয়াৰ পৰা দেশত আয়কৰ শিথিল কৰা হ’ব ৷ ক’তো কোনো আয়কৰ বিভাগৰ অভিযান নহ’ব ৷ যিমান বিচাৰে সিমান উপাৰ্জন কৰিব পাৰিব ৷ এনে নিয়ম প্ৰস্তুত কৰা হ’ব যাতে মানুহে স্বেচ্ছাই কৰ পৰিশোধ কৰিব ৷’’
উল্লেখ্য যে, কিছুদিন পূৰ্বে তেলেংগনাৰ শ্ৰম মন্ত্ৰী চি এইচ মাল্লা ৰেড্ডীৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলাইছিল ৷ ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে টিআৰএছ দল ৷ কেন্দ্ৰীয় চৰাকৰে “প্ৰতিহিংসাৰ ৰাজনীতি” কৰাৰ অভিযোগ উত্থাপন কৰিছে টিআৰএছে ৷