ডিজিটেল ডেস্ক, ANEWS24X7: আৰু শান্তি আলোচনা নহয়, পুনৰ যুদ্ধ ঘোষণা ৷ তিনিমাহ পূৰ্বে ভাঙি পৰিছিল শান্তি আলোচনা ৷ তেহৰিক-ই-তালিবান পাকিস্তানে পাকিস্তান চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে পোনৰ যুদ্ধ ঘোষণা কৰিছে ৷
পাকিস্তানৰ বিভিন্ন প্ৰান্তত পুনৰ আক্ৰমণৰ সতৰ্কবাণী দিছে তেহৰিক-ই-তালিবানে ৷ বুধবাৰে পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰাল অসীম মুনিৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে এই ঘোষণা কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে ৷ সন্ত্ৰাসবাদী সংগঠনটোৱে আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পাখতুনখোৱা প্ৰদেশক বিশেষভাৱে লক্ষ্য কৰি লৈছে ৷
যোৱা বছৰ আগষ্ট মাহত তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ চৰকাৰে তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছিল।