Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়সপ্তাহত পাঁচ দিন নহয় চাৰি দিন হ’ব কাম

সপ্তাহত পাঁচ দিন নহয় চাৰি দিন হ’ব কাম

ডিজিটেল ডেস্ক, ANEWS24X7: এটা মাহত ১৬ দিন কাম কৰি সম্পূৰ্ণ দৰমহা লাভ কৰিলে কেনে লাগিব আপোনাৰ ৷ মানে এটা সপ্তাহত মাত্ৰ চাৰি দিন কাম ৷ সপ্তাহত চাৰি দিন কাম কৰি সম্পূৰ্ণ দৰমহা ৷

এইয়া সম্ভৱ ব্ৰিটেইনত ৷ ব্ৰিটেইনৰ ১০০ টা কোম্পানীয়ে সপ্তাহত পাঁচ দিনৰ পৰিৱৰ্তে চাৰি দিনৰ কাম আৰম্ভ কৰিছে ৷ প্ৰতিষ্ঠান কেইটাই সপ্তাহিক বন্ধৰ দিন পূৰ্বৰ দুদিনৰ পৰিৱৰ্তে তিনি দিনলৈ বৃদ্ধি কৰিছে ৷

সপ্তাহত কামৰ দিন হ্ৰাস পালেও কৰ্মচাৰীৰ মাহেলি বেতনত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই ৷ হ্ৰাস কৰা হোৱা নাই কৰ্মচাৰীসকলৰ দৰমহা ৷ এই সিদ্ধান্তৰ ফলস্বৰূপে ১০০ টা কোম্পানীৰ ২,৬০০ কৰমচাৰীয়ে এতিয়া সপ্তাহত তিনিদিন ছুতি লাভ কৰিছে৷

ব্ৰিটিছ কোম্পানীসমূহে সপ্তাহত চাৰিদিন কাম কৰাৰ নিয়ম হঠাত প্ৰৱৰ্তন কৰা নাছিল ৷ এই সন্দৰ্ভত বিশেষজ্ঞ সকলৰ দ্বাৰা গৱেষণা কৰা হৈছিল ৷ বিশেষজ্ঞ সকলৰ মতে যদি সপ্তাহত এদিনতকৈ অধিক ছুটি লাভ কৰা যায় তেন্তে মনটো অধিক সতেজ হয় ৷ ইয়াৰ ফলত কামত আগ্ৰহ বৃদ্ধি পাব ৷ কোম্পানী কেইটাৰ মালিক পক্ষয় এই কথাক বিশ্বাস কৰে ৷ ফলস্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটেইনৰ ১০০ টা কোম্পানীয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments