ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰাতঃ ভ্ৰমণত গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ৩২ বছৰীয়া লক্ষ্মীৰ ৷ লক্ষ্মী হৈছে পুডুচেৰীৰ এক বিখ্যাত মন্দিৰ মানাকুলা বিনয়গড়ৰ মন্দিৰৰ হাতী ৷ বুধবাৰে ৰাতিপুৱা, হাতীটো মাহুতৰ সৈতে ৰাস্তাত খোজ কাঢ়িবলৈ ওলাই গৈছিল। হঠাৎ জ্ঞান হেৰুৱাই পেলায় লক্ষ্মীয়ে ।
হাতীটো অচেতন হোৰাৰ লগে লগে মাহুতে মন্দিৰ কৰ্তৃপক্ষক খবৰ দিয়ে। খৰখেদাকৈ এজন পশু চিকিৎসকে লক্ষ্মীৰ শাৰীৰিক পৰীক্ষা কৰা হৈছিল । কিন্তু তেতিয়ালৈ হাতীজনীৰ মৃত্যু হয় ।হাতীজনীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। অৱশ্যে শেহতীয়াকৈ কিছুদিন পূৰ্বে শাৰীৰিক পৰীক্ষা কৰা হৈছিল লক্ষ্মীৰ৷ শৰীৰিক পৰীক্ষাৰ সময়ত কোনোধৰণ ৰোগত আক্ৰান্ত হোৱা নাছিল ৷ চিকিৎসকৰ প্ৰতিবেদনত সকলো স্বাভাৱিক আছিল ৷
প্ৰাথমিক ভাৱে লক্ষ্মীৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত হৈছে বুলি ধাৰণা কৰা হৈছে অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷ লক্ষ্মীৰ মৃতদেহটো এটা ক্ৰেনে তুলি লৈ মন্দিৰলৈ লৈ অনা হৈছিল ৷
১৯৯৫ চনত পাঁচ বছৰ বয়সত লক্ষ্মীক মানাকুলা মন্দিৰলৈ অনা হৈছিল ৷ লক্ষ্মীৰ নম্ৰ স্বভাৱৰ বাবে মন্দিৰলৈ অহা ভক্ত আৰু সকলো কৰ্মচাৰীৰ প্ৰিয় হৈ পৰিছিল ৷ লক্ষ্মীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন ভক্তই শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দূৰদূৰণিৰ পৰা আহি মন্দিৰ চৌহদত ভিৰ কৰে ৷ ভিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে মন্দিৰ চৌহদত আৰক্ষী মোতায়েন কৰা হৈছিল ৷