Friday, November 8, 2024
Homeৰাজনৈতিকত্ৰিপুৰাত ৰাজনৈতিক সংঘৰ্ষ

ত্ৰিপুৰাত ৰাজনৈতিক সংঘৰ্ষ

ডিজিটেল ডেস্ক, ANEWs24X7:  চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক হিংসাৰ ঘটনা ৷ এইবাৰ শাসকীয় দল বিজেপিৰ কৰ্মীৰ আক্ৰমণৰ বলি হ’ল চিপিআই কৰ্মী ৷ বিজেপি কৰ্মীৰ আক্ৰমণত নিহত হৈছে এজন চিপিআই কৰ্মী ৷ এই সংঘৰ্ষত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী বিধায়ক ভানু লাল সাহা সহ ১৫ জন চিপিআই কৰ্মী গুৰুতৰ ভাৱে আহত হৈছে ৷

ত্ৰিপুৰাৰ চাৰিলামত চিপিআই দলৰ এক ৰাজহুৱা সভাত সংঘটিত হয় এই সংঘৰ্ষ ৷ সংঘৰ্ষৰ ফলত ছহিদ মিঞা নামৰ এজন চিপিআই কৰ্মী নিহত হৈছে ৷ এই আক্ৰমণ বিজেপি কৰ্মীৰ দ্বাৰা সংঘটিত কৰোৱা হৈছে বুলি দাবী কৰিছে চিপিআই দলে ৷

আক্ৰমণত আহত হোৱা চিপিআই-এম নেতা তথা বিধায়ক ভানু লাল সাহাই কয়, ‘আমাক হত্যাৰ উদ্দেশ্যেৰে বিজেপি কৰ্মীয়ে আক্ৰমণ চলায় আৰু আমাৰ ওপৰত বোমা নিক্ষেপ কৰে।”

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোৰ আইন-শৃংখলা বজাই ৰখিবৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments