ডিজিটেল ডেস্ক, ANEWS24X7: আজি বহু চৰ্চিত গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ ৮৯ খন অসনৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব জনতাই ৷
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ মুঠ ১৪,৩৮২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ আজি ৰাজ্যখনৰ ২.৩৯ কোটি লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷
ইয়াৰ বাবে নিৰ্বাচন আয়োগে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ আনহাতে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ ৷ ৫ ডিচেম্বৰত ৯৩ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব গুজৰাট নিৰ্বাচনৰ ফলাফল ৷