ডিজিটেল ডেস্ক, ANEWS24X7: আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা ৮ বজাৰ পৰা ৰাজ্যখনৰ ৮৯ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ দিনাও প্ৰতিবাদত নামিল জনপ্ৰতিনিধি ৷ ভোটগ্ৰহণ কেন্দ্ৰত অভিনৱ প্ৰতিবাদ কংগ্ৰেছ প্ৰাৰ্থী পৰেশ ধাননীৰ ৷
চাইকেলৰ পিছফালে গেছ চিলিণ্ডাৰ বান্ধি ভোটকেন্দ্ৰলৈ আহিল কংগ্ৰেছ প্ৰাৰ্থী পৰেশ ধাননী ৷ কংগ্ৰেছ প্ৰাৰ্থী পৰেশ ধাননী আমৰেলী সমষ্টিৰ বিধায়ক ৷ ভোটগ্ৰহণৰ দিনা পেট্ৰ’লিয়াম সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে পৰেশ ধাননীয়ে ৷ পৰেশ ধাননীক এই প্ৰতিবাদত সহযোগ কৰে কেইবাজনো সমৰ্থকে ৷
গুজৰাট বিধানসভাৰ বিৰোধী বিধায়ক পৰেশে ধাননীয়ে কয় যে , “বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ বিফলতাৰ বাবে গুজৰাটত মূল্যবৃদ্ধি আৰু নিবনুৱাবৃদ্ধি হৈছে।গেছ আৰু ইন্ধনৰ মূল্য আকাশচুম্বী হৈছে। শিক্ষাৰ ব্যক্তিগতকৰণ কৰা হৈছে। এইবাৰ শক্তি সলনি হ’ব। কংগ্ৰেছ আহিব। ”