ডিজিটেল ডেস্ক, ANEWS24X7: ভয়ংকৰ অঘটন ! সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ চলন্ত ইঞ্জিনৰ পৰা বিচিন্ন হ’ল ৰে’লৰ ডবা ৷ কথামপি প্ৰান ৰক্ষা শ শ যাত্ৰীৰ ৷ শনিবাৰে মহাবোধি এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷
মহাবোধি এক্সপ্ৰেছ খন গয়াৰ পৰা নতুন দিল্লীলৈ গৈ থকা অৱস্থাত ৰোহতাস জিলাৰ গয়া দীনদয়াল উপাধ্যায় ৰেলখণ্ডৰ চাচাৰাম আৰু কাৰাবন্দিয়া ষ্টেচনৰ মাজ সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
এনে পৰিস্থিতি ইঞ্জিনটো ডবাৰ পৰা বিচিন্ন হৈ কিছুদুৰ চলিগৈছিল ৷ পৰবৰ্তী সময়ত ৰেল গাৰ্ডজনে সতৰ্ক কৰাৰ লগে লগে চালকজনে ইঞ্জিনটো বন্ধ কৰি দিছিল ৷
ঘটনাটোৱে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। অৱশ্যে এই ঘটনাৰ ফলত কোনো যাত্ৰী হতাহত হোৱা নাই ৷ ইয়াৰ পিছতে ৰে’ল বিভাগে এই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৷’’
