Saturday, July 5, 2025
Homeঅসমগকুল বসুমতাৰীৰ বাসগৃহত শোকাকুল পৰিৱেশ  

গকুল বসুমতাৰীৰ বাসগৃহত শোকাকুল পৰিৱেশ  

ডিজিটেল ডেস্ক, ANEWS24X7: চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাত সংঘটিত ভয়ংকৰ গুলিচালনাৰ ঘটনাত নিহত চামগুৰি বৰদলৰ নিবাসী আৰক্ষী জোৱান গকুল বসুমতাৰীৰ বাসগৃহত গকুলৰ মৃতদেহ আহি পোৱাৰ পাছতে এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

শেষবাৰৰ বাবে গকুল বসুমতাৰীক চাবলৈ অঞ্চলবাসীয়ে ভিৰ কৰিলে গকুল বসুমতাৰীৰ বাসগৃহত। পৰিয়ালৰ লোকে হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী তোলে। নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছতে আৰক্ষীৰ লগতে বিভিন্নজনে শেষ শ্ৰদ্ধা জনায় আৰক্ষী জোৱানজনলৈ।

উল্লেখযোগ্য যে মঙলবাৰে দীপক কাকতি নামৰ এজন সতীৰ্থই গুলীয়াই হত্যা কৰিছিল গকুল বসুমতাৰীক। গকুল বসুমতাৰীৰ ডিঙি ভেদি গৈছিল দীপক কাকতিৰ বন্দুকৰ তিনিটা গুলীয়ে। ইতিমধ্যে হত্যাকাৰী দীপকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কি কাৰণে গকুলক সতীৰ্থ দীপকে গুলীয়াই হত্যা কৰিলে সেয়া এতিয়াও ৰহস্য পৰিয়ালৰ বাবে ৷ গাঁওবাসীয়ে আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু দোষী ব্যক্তিৰ ফাঁচী হ’ব লাগে বুলি দাবী উত্থাপন কৰিছে ৷ বঢ়মপুৰ স্থিত নৱম অসম আৰক্ষীৰ বাহিনীত কৰ্মৰত গকুল বসুমতাৰী আৰু মূল অভিযুক্ত দীপক কলিতাক কেইমাহমানৰ পূৰ্বেহে সোণাৰি সদৰ থানাত দিয়া হৈছিল প’ষ্টিং হৈছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments