ডিজিটেল ডেস্ক, ANEWS24X7: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, উপন্যাসিক, গল্পকাৰ হোমেন বৰগোহাঞিৰ আজি ৯১ সংখ্যক জন্মবাৰ্ষিকী।
অসমৰ সংবাদজগত, বৌদ্ধিকমহলৰ লগতে সকলো পৰ্যায়ৰ মানুহৰ মাজত জনপ্ৰিয়, সৰুৰে পৰা অনুসন্ধিৎসু মনৰ, দুকুৰিৰো অধিক বছৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞি ডাঙৰীয়া ৷
কথাশিল্পী গৰাকীৰ জন্মদিন উপলক্ষে কলাক্ষেত্ৰত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। লগতে ২৩গৰাকী সাহিত্যিকক সাহিত্যিক পেন্সনো প্ৰদান কৰিব শিক্ষামন্ত্ৰীয়ে।