Sunday, July 6, 2025
Homeৰাজনৈতিকদিল্লী পৌৰ নিগম দখল আপৰ

দিল্লী পৌৰ নিগম দখল আপৰ

ডিজিটেল ডেস্ক, ANEWS24X7: আজি ঘোষণা হল দিল্লী MCD নিৰ্বাচনী ফলাফল। দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বিজয়। ইয়াৰ লগে লগে দলটোৱে ১৫ বছৰে দিল্লী পৌৰ নিগম (MCD)ৰ ক্ষমতাত থকা বিজেপিক বিদায় দিয়ে।মুঠ ২৫০খন আসনৰ ফলাফল ঘোষণা।

আম আদমী পাৰ্টিয়ে ১৩৪খন, বিজেপিয়ে ১০৪ খন, কংগ্ৰেছে ৯ খন আৰু অন্যান্যই ৩ খন Vo: আসন লাভ কৰিছে। বিজেপিও দিল্লীৰ MCD নিৰ্বাচনত নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰিও সফল হব নোৱাৰিলে। এই নিৰ্বাচনত বিজেপি, কংগ্ৰেছেও তেওঁলোকৰ নিজা বিজয়ৰ দাবী কৰিছিল। কিন্তু সকলো দাবীৰ বিপৰীতে প্ৰথমবাৰৰ বাবে MCDত থাকিব আম আদমী পাৰ্টিৰ মেয়ৰ।

বিজয়ৰ পিছত আপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা অৰবিন্দ কেজৰিৱালে কয়- ”১৫ বছৰীয়া দুৰ্নীতিগ্ৰস্ত বিজেপিক আঁতৰাই দিল্লীৰ ৰাইজে আপক সংখ্যাগৰিষ্ঠতা দিছে, এয়া ডাঙৰ দায়িত্ব। দিল্লী চাফা কৰা, দুৰ্নীতি দূৰ কৰা, উদ্যান ঠিক কৰাকে ধৰি বহু দায়িত্ব দিল্লীবাসীয়ে মোক দিছে। আপোনালোকৰ এই আস্থা অটুট ৰাখিবলৈ মই দিনে নিশাই চেষ্টা কৰিম। দিল্লীবাসীক অভিনন্দন জনাইছোঁ।”

আনহাতে বিজেপিক কটাক্ষ মন্ত্ৰী সঞ্জয় সিঙৰ। সাতজন মুখ্যমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়েও প্ৰচাৰ চলাই দিল্লীত ‘আপ’ৰ জয় স্তব্ধ কৰিব নোৱাৰিলে । আনহাতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আদমী পাৰ্টিক বিশ্বাসত লোৱা বাবে দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments