ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ তালিবানৰ নৃশংসতাৰ ছবি পোহৰলৈ আহিছে ৷ পুনৰ এবাৰ আফগানিস্তানৰ ৰাজহুৱা শাস্তিৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ মহিলাসহ ২৭ জন লোকক ৰাজহুৱা শাস্তি বিহিছে তালিবান চৰকাৰে ৷ বৃহস্পতিবাৰে এজন যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদানকৰাৰ এদিনৰ পিছত ৰাজহুৱা শাস্তিৰ ঘটনাই সমগ্ৰ বিশ্বতে চৰ্চাৰ সৃষ্টি হৈছে । সমালোচৰ সন্মুখীন হৈছে আফগানিস্তানৰ তালিবান চৰকাৰ ।
ঘটনা সন্দৰ্ভত তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে , ‘‘ এই সমালোচনাটো ইছলামৰ প্ৰতি সন্মানৰ অভাৱ ৷ সমালোচনাই দেখুৱাইছে যে বাহিৰৰ লোকসকলৰ মুছলমানসকলৰ বিশ্বাস, আইন আৰু এখন দেশৰ আভ্যন্তৰীণ বিষয়ৰ প্ৰতি সন্মান নাই।’’
এক বিবৃতি যোগে আফগানিস্তানৰ উচ্চতম ন্যায়ালয়ে কয় যে, ‘‘ ২৭ জন অপৰাধীক শাস্তি বিহা হৈছে ৷ ইয়াৰ ভিতৰত ৯ গৰাকী মহিলা আছে ৷ আফগানিস্তানৰ পাৰৱান প্ৰদেশত চাবুক মাৰি শাস্তি প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে । সমকামিতা, প্ৰৱঞ্চনা, জালিয়াতি, ড্ৰাগস সৰবৰাহ, পংগুতা, ঘৰৰ পৰা পলাই যোৱা, ঘাইপথত ডকাইতি, অবৈধ সম্পৰ্কৰ দৰে অপৰাধৰ বাবে শাস্তি আৰোপ কৰা হৈছে।’’
তালিবান চৰকাৰে সদৰি কৰা তথ্য অনুসৰি প্ৰতিজন অভিযুক্তই আদালতৰ সন্মুখত তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে। কোনো এজন অপৰাধীক অপৰাধ স্বীকাৰ কৰিবলৈ বাধ্য কৰা হোৱা নাছিল। অভিযুক্তজনৰ শাস্তিত কোনো আপত্তি নাছিল। অভিযুক্তক শাস্তি প্ৰদান কৰা চাবলৈ ষ্টেডিয়ামত ১,০০০ তকৈ অধিক লোক সমবেত হৈছিল ।
