ডিজিটেল ডেস্ক, ANEWS24X7: শনিবাৰে উত্তপ্ত হৈ পৰে বাংলাদেশৰ ৰাজধানী ঢাকা ৷ দেশখনৰ মুখ্য বিৰোধী দল বিএনপি আৰু ইয়াৰ সহযোগী সংগঠনসমূহে উলিওৱা এক ৰেলীত সংঘটিত হয় অপ্ৰিতিকৰ ঘটনা ৷
চহৰখনৰ বিভিন্ন অঞ্চলত বিএনপি সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে বিএনপিৰ মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগীৰ , কেন্দ্ৰীয় সমিতিৰ সদস্য মিৰ্জা আব্বাছ সহ ১০০ জনৰো অধিক নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰিছে ৷
অহা বছৰ বাংলাদেশত অনুষ্ঠিত হ’ব সংসদীয় নিৰ্বাচন । সংসদীয় নিৰৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে ঢাকা চহৰত এক বিশাল ৰেলীৰ আহ্বান কৰিছিল বিএনপি দলে ৷ এই ৰেলীত অংশগ্ৰহণ কৰিবলৈ দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দলীয় কৰ্মী আৰু সমৰ্থক সকল বৃহস্পতিবাৰে ৰাজধানী চহৰ ঢাকাত উপস্থিতি হৈছিল ৷
বৃহস্পতিবাৰে আৰক্ষী আৰু বিএনপি সদস্য সকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ সংঘৰ্ষৰ ফলত এজন বিএনপি সদস্য নিহত হয় ৷ ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে ঢাকাৰ পৰিৱেশ ৷
বিএনপিৰ সদস্য সকলে প্ৰক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মুক্তি , ইন্ধন , তেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
