ডিজিটেল ডেস্ক, ANEWS24X7: এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন ৷ কেৰেলাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত সাপৰ আতংক ৷ সাপৰ আতংকৰ বাবে ডুবাই পোৱাৰ পিছতো যাত্ৰীসকল আবদ্ধ হৈ থাকিব লগা হয় বিমানবন্দৰত ৷
বিমানখনৰ কাৰ্গো হোল্ডত দেখিবলৈ পোৱা গৈছিল এডাল সাপ ৷ ইয়াৰ পিছতে বিমানখনত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান নম্বৰ বি ৭৩৭-৮০০ ডুবাইত অৱতৰণ কৰাৰ পিছতে বিমানত কাৰ্গো হ’ল্ডত বস্তু-বাহানিৰ সৈতে সাপটো দেখা গৈছিল।
যাত্ৰীসকলক সুৰক্ষিতভাৱে বিমানৰ পৰা উলিয়াই অনা হয়। যাত্ৰীসকলে ছ’চিয়েল মিডিয়া যোগে অভিযোগ কৰে যে ইয়াৰ বাবে তেওঁলোকে বিমানবন্দৰত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল।
