Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ৰাছিয়াই কিয় ধন্যবাদ জনালে ভাৰতক ?

ৰাছিয়াই কিয় ধন্যবাদ জনালে ভাৰতক ?

ডিজিটেল ডেস্ক, ANEWS24x7: বৰ্তমানেও অব্যাহত আছে ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ ৷ এই যুদ্ধত ইউক্ৰেইনক পূৰ্ণ সহযোগিতা আগবঢ়াইছে ইউৰোপীয় দেশ সমূহে ৷

ইয়াৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে ৰাছিয়ান ইন্ধন আৰু তেলৰ মূল্য ৷ মূলত এই নিষেধাজ্ঞা ৰাছিয়াক অৰ্থনৈতিক ভাৱে বিপদত পেলোৱা ৷ জি-৭ বৈঠকত ৰাছিয়াৰ তেল সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

সাগৰীয় পথেৰে ৰাছিয়াৰ ইন্ধন তেল আমদানি কৰিব বিচৰা দেশ বা কোম্পানীবোৰে প্ৰতি বেৰেলত ৬০ ডলাৰ বা তাতকৈ কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰিব লাগিব। অন্যথা, জি-৭ মিত্ৰজোঁট, ইউৰোপীয় ইউনিয়নৰ দেশবোৰৰ জাহাজ আৰু অন্যান্য সুবিধা ব্যৱহাৰ কৰি তেল আমদানি কৰিবলৈ অনুমতি দিয়া নহ’ব।

জি-৭ ৰ এই সিদ্ধান্তত সন্মত হোৱা নাই ভাৰত ৷ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে চীনেও ৷ইয়াৰ পিছতে ভাৰতক ধন্যবাদ জনাইছে ৰাছিয়াই ৷ ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে শনিবাৰে ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত পৱন কুমাৰক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে ।


ৰাছিয়াই এক বিবৃতিযোগে কয় যে,‘‘জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তৰ সৈতে সন্মত নোহোৱাৰ বাবে ভাৰতক আদৰণি জনাইছে ৷ ভাৰতক তেল আমদানিৰ বাবে জি-৭ আৰু ইয়াৰ সহযোগী দেশসমূহৰ জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বৃহৎ জাহাজ লীজত দিয়া আৰু নিৰ্মাণত সহায় কৰাৰ আশ্বাস দিয়ে ।’’

উল্লেখ্য যে ভাৰত হৈছে ৰাছিয়াৰ সৰ্ববৃহৎ আমদানিকাৰী ৷এনে পৰিস্থিতিত ভাৰতৰ এই সিদ্ধান্তই ৰাছিয়াক এক বৃহৎ সকাহ দিছে ৷ অৱশ্যে পূৰ্বৰে পৰা ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক মধুৰ৷ভাৰতৰ প্ৰতিটো বিপদত সহায় আগবঢ়াই আহিছে ৰাছিয়াই৷ভাৰতৰ বাবে আমেৰিকা ব্ৰিটেইনৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে ঠিয় দিয়াৰো নজিৰ আছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments