Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়হঠাৎ দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভিৰ

হঠাৎ দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভিৰ

ডিজিটেল ডেস্ক, ANEWS24x7:দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিৰ দি বাট নোপোৱা পৰিস্থিতি ৷ দেওবাৰে বিমানবন্দৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰী সকল ৷ ভিৰৰ বাবে সময়মতে বিমান উঠিব পৰা নাই বহু যাত্ৰী ৷ ইয়াত যাত্ৰা বাতিল কৰিবলৈ বাধ্য হৈছে বহু যাত্ৰীয়ে ৷ বিমানবন্দৰত সৃষ্টি হৈছে বিশৃংখল পৰিস্থিতি ৷

সামাজিক মাধ্যমত যাত্ৰী সকলে বিমানবন্দৰ কৰ্তৃপক্ষক দোষাৰোপ কৰিছে ৷ এই সন্দৰ্ভত যাত্ৰী সকলে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷মন্ত্ৰালয়ত এই অভিযোগ যোৱাৰ পিছতে অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই চাদেন ভিজিত দিব পাৰে বুলি খবৰ আহিছে ৷

যাত্ৰী সকলে অভিযোগ উত্থাপন কৰিছে যে, ‘‘চিআইএছএফ আৰু ভিস্তাৰা কৰ্মচাৰীসকলৰ বাবে এই বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ যাত্ৰী সকলৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষয় কোনো ধৰণৰ সু-ব্যৱস্থা কৰা নাই ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments