Saturday, July 5, 2025
Homeঅসমআৰক্ষীৰ গুলীত নিহত বিহাৰৰ প্ৰফেচনেল কিলাৰ

আৰক্ষীৰ গুলীত নিহত বিহাৰৰ প্ৰফেচনেল কিলাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: লামডিঙত নিশা গুলীচালনাৰ ঘটনা । আৰক্ষীৰ গুলীত নিহত বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ। তৰুণ চক্ৰৱৰ্তীক গুলীচালনাৰ ঘটনাত জড়িত আছিল মোহন কুমাৰ।

বঙাইগাঁৱৰ পৰা লামডিঙলৈ অনাৰ হৈছিল প্ৰফেচনেল কিলাৰ মোহন কুমাৰক নিশা মোহন কুমাৰে ঘটনা সংঘটিত কৰা বন্দুকটো ক’ত লুকোৱাই থৈছিল দেখুৱালৈ নিয়াৰ সময়তে এনকাইন্টাৰটো সংঘটিত হয় ৷

ধৃত মোহন কুমাৰে এটা .৩২ পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুতৰত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা মোহন কুমাৰ পৰৱৰ্তী সময়ত চিকিৎসালয়ত মৃত্যু হয়।

মোহন কুমাৰে আৰক্ষীলৈ লক্ষ্য কৰি চলোৱা দুই ৰাউণ্ড গুলী লামডিং আৰক্ষীৰ বাহনত লাগে ৷ আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত দুটা হস্তনিৰ্মিত বন্দুক সহ এটা .৩২ পিষ্টল উদ্ধাৰ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments