Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়কংগোৰ ৰাজধানী কিঞ্চাচাত ভয়ংকৰ বান , ১২০ জন নিহত

কংগোৰ ৰাজধানী কিঞ্চাচাত ভয়ংকৰ বান , ১২০ জন নিহত

 

ডিজিটেল ডেস্ক, ANEWS24X7: কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজধানী কিঞ্চাচাত ভয়ংকৰ বানপানী আৰু ভূমিস্খলন৷ ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত ১২০ জন লোকৰ মৃত্যু হৈছে ৷

ভূমিস্খলনৰ ফলত মাটি বোকাই প্লাবিত কৰিছে সমগ্ৰ অঞ্চল ৷ ইয়াৰ ফলত বন্ধ কৰি দিবলগিয়া হৈছে দেশখনৰ এন-১ ঘাইপথ ৷ দেশখনৰ স্বাস্থ্যমন্ত্ৰী জিন-জাক মবাণ্ডাই কয় যে মন্ত্ৰালয়ে বৰ্তমানলৈকে ১৪১ লোক মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে ৷ আকস্মিক বানপানীৰ ফলত বিপদত পৰিছে চহৰখনৰ জনতা ৷


উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনত কিঞ্চাচাত মুষলধাৰ বৰফুণৰ ফলত প্লাবিত হৈছিল ৷ ইয়াৰ ফলত ৩৯ জন লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰ ফলত ক্ষয়-ক্ষতি হৈছিল ১.২ নিযুত আমেৰিকান ডলাৰ ৷ দ্ৰুত নগৰীকৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতে এই বানপানী হোৱা বুলি ধাৰণা কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments