Tuesday, July 8, 2025
Homeঅসমঅৰুণোদয়ৰ আঁচনিৰ যোগ্যতাৰ সালসলনি

অৰুণোদয়ৰ আঁচনিৰ যোগ্যতাৰ সালসলনি

 

ডিজিটেল ডেস্ক, ANEWS24x7 : ৰাজ্যজুৰি শুভাৰম্ভ হʼল অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়। নতুন দিল্লীৰ পৰা‌ মুখ্যমন্ত্ৰীয়ে ভাৰ্ছুৱেলী উদ্ধোধন কৰিলে অৰুণোদয় ২.০ৰ। অৰুণোদয়ত ২.০ ত দিব্যাংগ, ৩য় লিংগ

দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ লোকেও পাব সুবিধা। তাৰোপৰি বিধৱা পেঞ্চন পোৱা লোকেও পাব অৰুণোদয়ৰ সুবিধা। অৰুণোদয়ৰ বাবে প্রতিমাহে ৩৫৪ কোটি টকা ব্যয় কৰিব চৰকাৰে। ১০ এপ্রিলৰ ভিতৰত মুকলি কৰিব অৰুণোদয় আঁচনিৰ প্রথম কিস্তি। বৃদ্ধাশ্রমৰ বৃদ্ধ লোকেও পাব অৰুণোদয়ৰ ধন।

বাৰ্ষিক আয় ২ লাখতকৈ কম হোৱা পৰিয়ালে পাব অৰুণোদয়। বিবাহ বিচ্ছেদিত, বিয়া নোহোৱা বিধৱা মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে অৰুণোদয় ২.০ত। চেৰিব্রেল পালচি, থেলাছেমিয়া ৰোগীৰ পৰিয়াললৈ সুবিধা। কুষ্ঠ, হিমোফিলিয়া, অটিজম স্পেকট্রম ৰোগীৰ পৰিয়ালে পাব অৰুণোদয়।

কিন্তু চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ সকলে নাপাব এই সুবিধা। অৰুণোদয় ২.০ত ২ লাখ ২৬ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব পাৰিব উপায়ুক্তই। জিলা অনুযায়ী পৃথক হ’ব উপায়ুক্তৰ কোটাৰ সংখ্যা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments