Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়বিষাক্ত সুৰাপান কৰি মৃত্যু ১৭ জন লোকৰ

বিষাক্ত সুৰাপান কৰি মৃত্যু ১৭ জন লোকৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7: বিষাক্ত সুৰাপান কৰি মৃত্যু ১৭ জন লোকৰ ৷ হাস্পাতালত জীৱন মণেৰে যুঁজ দিছে আন কেইবাজনো লোকে ৷ এই ঘটনা সংঘটিত হৈছে ড্ৰাই ষ্টেট বিহাৰৰ সাৰণ জিলাত ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৷ ঘটনা সন্দৰ্ভত মথুৰাৰ ডি এছ পিয়ে কয় যে , ‘‘ মদ খাই অসুস্থ হৈ পৰা গাঁবাসীৰ স্বাস্থ্য পৰীক্ষা চলি আছে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক তথ্য পোহৰলৈ আহিব ৷’’

উল্লেখ্য যে, বিহাৰ এখন সুৰানিষিদ্ধ ৰাজ্য। তেনেস্থলত বিহাৰত কেনেকৈ বিষাক্ত সুৰা প্ৰৱেশ কৰিলে ইয়াকলৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ? কেনেকৈ বিহাৰত প্ৰস্তুত কৰিব পাৰে দেশীয় সুৰা? এতিয়া বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিজেপি বিধায়ক সকলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments