Tuesday, July 8, 2025
Homeৰাশিফলদৈনিক ৰাশিফল- ১৬ আগষ্ট ২০২২

দৈনিক ৰাশিফল- ১৬ আগষ্ট ২০২২

মেঘ ৰাশি – এই ৰাশিৰ জাতক-জাতিকাই খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হব আৰু লগতে অৱসৰৰ সময় একেলগে কটোৱাৰ পৰিকল্পনাৰ যোজনাও কৰাতো চিন্তা চৰ্চা হব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বিবাহিত জীৱনৰ ফালেদি চাব গলে আজি দিনটোত আপুনি ভৱাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব। শুভ সংখ্যা ৭ । শুভ ৰং মাখন আৰু বগা ।


বৃষ ৰাশি – এই ৰাশিৰ জাতক-জাতিকাৰ ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে।ইয়াক আপুনি অৱহেলা নকৰিব ,বিশেষ কৈ যেতিয়া আপুনি দুৰ্বলো অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। ব্যক্তিগত বিষয় সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত ,কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায় বিশেষকৈ জনে আপোনাক বহুত ভাল পায় আৰু আপোনাক বহুত স্নেহ কৰে। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। শুভ সংখ্যা ৭ । শুভ ৰং মাখন আৰু বগা ।


মিথুন ৰাশি- আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হব নিদিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। নিৰ্ণয় লোৱা সময়ত আপোনাৰ অহং ভাৱক মাজত আহিব নিদিব ,আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাত মনোযোগ দিব। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব । শুভ ৰং সেউজীয়া আৰু ৰত্ন । শুভ সংখ্যা ৫ ।


কৰ্কট ৰাশি – আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দূৰ্বল কৰি তুলিব পাৰে ,এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহব । শুভ সংখ্যা ৮ শুভ ৰং কলা আৰু নীলা ।


সিংহ ৰাশি- হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ’লে সম্বন্ধত ফাটঁ মেলিব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয় কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে। শুভ সংখ্যা ৭ শুভ ৰং মাখন আৰু বগা ।


কন্যা ৰাশি – কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্ম পৰিণাম দিব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। শুভ সংখ্যা ৫ । শুভ ৰং :- সেউজীয়া আৰু ৰত্ন ।


তুলা ৰাশি – আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। বন্ধুৰ লগত মিলি কিছু ভাল আৰু ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবৰ বাবে এয়া ভাল সময়। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। শুভ সংখ্যা :- ৭ ।শুভ ৰং :- মাখন আৰু বগা ।


বৃশ্চিক ৰাশি -যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। শুভ সংখ্যা :- ৯ । শুভ ৰং :- ৰঙা আৰু মেৰুণ ।


ধনু ৰাশি – মানসিক ভাৱে আজি আপুনি অস্থিৰ থাকিবসেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোতে আৰু কথা পতোতে সজাগ থাকিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ পিনে দি চাব গ’লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। শুভ সংখ্যা :- ৬ । শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া ।


মকৰ ৰাশি -বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগ-বঢ়াব পাৰে। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। শুভ সংখ্যা :- ৬ । শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া ।


কুম্ভ ৰাশি – এনেকুুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। আপোনাাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধু পুৰ্ণ চেষ্টা কৰিব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। আপুনি নিজৰ কাম ভাল ভাৱে কৰিছে ,এইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। শুভ সংখ্যা :- ৪ । শুভ ৰং :- মটীয়া আৰু ছাই ৰং ।


মীন ৰাশি – ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। কাম-কাজৰ বিষয় সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব। শুভ সংখ্যা :- ১ । শুভ ৰং :- সুমথিৰা আৰু সোণালী ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments