Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়হাড় কঁপোৱা শীতকাল! ঘন কুঁৱলীৰে আবৃত দিল্লী, হাৰিয়ানা

হাড় কঁপোৱা শীতকাল! ঘন কুঁৱলীৰে আবৃত দিল্লী, হাৰিয়ানা

ডিডিটেল ডেস্ক, ANEWS24X7: দেশৰ ৰাজধানী শীতৰ কৱলত পৰিছে। উত্তৰ ভাৰতত হাড় কঁপোৱা শীতকাল! ঘন কুঁৱলীৰে আবৃত পথ়। বন্ধ দিয়া হৈছে বিদ্যালয়। অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে ৰাজধানী দিল্লীৰ এই বতৰৰ আটাইতকৈ ঠাণ্ডা দিন। তাত উষ্ণতা ৭ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। হাৰিয়ানাৰ পঞ্জাৱতো কংকন ঠাণ্ডা।

ঘন কুঁৱলীৰে আবৃত দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰাখণ্ড। কোংকনত ঠাণ্ডা বতাহ বলিছে। দৰাচলতে মঙলবাৰটো আছিল ৰাজধানী দিল্লীত ঋতুৰ আটাইতকৈ ঠাণ্ডা দিন বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

অত্যন্ত ঠাণ্ডা আৰু ঠাণ্ডা প্ৰবাহৰ বাবে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিভাগে জনোৱা মতে, আগন্তুক কিছুদিনলৈ এই সতৰ্কবাণী অব্যাহত থাকিব।

আইএমডিৰ তথ্য অনুসৰি আগন্তুক তিনিদিন দিল্লী, ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাত তীব্ৰ শীতল ঢৌ অব্যাহত থাকিব। এই পৰিস্থিতি কমেও ২ দিন হিমাচল প্ৰদেশত অব্যাহত থাকিব। আৰু কেইদিনমানৰ বাবে ঘন কুঁৱলী আৰু ডাৱৰীয়া আকাশ দেখা যাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments