Wednesday, March 11, 2026
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীৰ দেহাৱসান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীৰ দেহাৱসান

 

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ দেহাৱসান। বিগত দুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অন্তত শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীয়ে। বুধবাৰে হীৰাবেন মোডীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।

আহমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱাৰ শেষ নিশ্বাস ত্যাগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে । ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোডীয়ে।প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি বহু জনে ।


প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও টুইটযোগে তেওঁৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি কয় যে “এক গৌৰৱময় শতাব্দী ঈশ্বৰৰ চৰণত জিৰণি লৈ আছে… মোৰ মাৰ ক্ষেত্ৰত মই সদায় সেই ত্ৰিমূৰ্তিক অনুভৱ কৰি আহিছো যাৰ ভিতৰত আছে এজন তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ জীৱন।”

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়, “যেতিয়া মই তেওঁৰ ১০০ তম জন্মদিনত তেওঁক লগ পাইছিলো, তেতিয়া তেওঁ এটা কথা কৈছিল, সদায় মনত ৰাখিবা বুদ্ধিমত্তাৰ সৈতে কাম কৰা পৱিত্ৰ জীৱন যাপন কৰা।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments