Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়দুৰ্ঘটনাত পতিত ঋষভ পন্টৰ বাহন

দুৰ্ঘটনাত পতিত ঋষভ পন্টৰ বাহন

 

ডিজিটেল ডেস্ক, ANEWS24X7: ভয়ংকৰ দুৰ্ঘটনাত পতিত টীম ইণ্ডিয়াৰ আক্ৰমণাত্মক খেলুৱৈ তথা উইকেটকীপাৰ ঋষভ পন্ট ৷ দিল্লীৰ পৰা ৰুৰকীত থকা তেওঁৰ বাসগৃহলৈ অহাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ঋষভ পন্ট ৷

নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ নিয়ন্ত্ৰণ হেৰুৱাই মাংগালোৰৰ কোতৱালী অঞ্চলৰ ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ১০৮ সেৱাৰ যোগেদি চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ঋষভক ৷ সম্প্ৰতি ডেৰাডুনৰ মেক্স হস্পিটেলত চিকিৎসাধীন হৈ আছে ঋষভ পন্ট ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments