ডিজিটেল ডেস্ক, ANEWS24x7: ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত বৰ্তমানেও অব্যাহত আছে যুদ্ধ ৷ অৱশ্যে বৰ্তনমানলৈকে দুয়োখন দেশৰ ভিতৰত কোনো এখন দেশে কোনো বিশেষ সফলতা লাভ কৰলৈ সক্ষম হোৱা নাই ৷ ৰাছিয়াৰ প্ৰতিতো আক্ৰমণ প্ৰতিৰোধ কৰিছে ইউক্ৰেইনে ৷ ইয়াৰ বিপৰিতে আক্ৰমণাত্মক স্থিতি অব্যাহত ৰাখিছে ৰাছিয়াই ৷
ইয়াৰ মাজতে খবৰ আহিছে যে যুদ্ধ ক্ষেত্ৰত অধিক সুবিধা ল’বৰ বাবে ইউক্ৰেইনে অপেক্ষা কৰি আছে পশ্চিমিয়া দেশৰ পৰা আহিব লগীয়া অস্ত্ৰ-শস্ত্ৰৰ বাবে ৷ এই কথা সদৰী কৰিছে ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা মুৰব্বী কিৰিলো বুদানোভে ৷
বুদানোভে বিবিচিক দিয়া এক সাক্ষাৎকাৰত কয় যে ,‘‘ ৰাছিয়া বা ইউক্ৰেইন কোনোৱেই যুদ্ধক্ষেত্ৰত কোনোৱেই সঠিক সুবিধা ল’বলৈ সক্ষম হোৱা নাই ৷ দুয়োপক্ষই কোনো গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা নাই ৷’’

“আমি ৰাছিয়াৰ সৈন্যক সম্পূৰ্ণৰূপে পৰাজিত কৰিব পৰা নাই। সিহঁতেও পৰা নাই। আমি নতুন অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ উপায় বিচাৰি আছো। আমি আৰু অধিক অত্যাধুনিক অস্ত্ৰ বিচাৰো।”
