ডিজিটেল ডেস্ক, ANEWS24X7: ভেটিকান চিটিৰ প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ দেহাৱসান ৷ ২০২২ বৰ্ষৰ অন্তিম দিনটোত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন পোপ গৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ ৷
বাতৰি অনুসৰি বেনেডিক্টে পোপ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত বাস কৰা গুহাটোতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন পোপ গৰাকী ৷
বছৰটোৰ শেষৰটো দিনত এই খবৰ লাভ কৰাৰ পিছত শোকস্তব্ধ হৈ পৰে ভেটিকান চহৰ ৷ ভেটিকানৰ তৰফৰ পৰা এক টুইট যোগে এই কথা সদৰী কৰে ৷ টুইট যোগে কয় যে , ‘‘আমাৰ শ্ৰদ্ধাৰ পোপ এমিৰিটাছ ষোড়শ বেনেডিক্ট আজি পুৱা ৯.৩০ বজাত মৃত্যু হয় ৷ ’’
উল্লেখ্য যে বেনেডিক্টে প্ৰায় ৮ বছৰ পোপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ২০১৩ বৰ্ষত পোপ পদৰ পৰা স্বেচ্ছাই পদত্যাগ কৰিছিল ৷ অহা ৫ জানুৱাৰীত পোপগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
