ডিজিটেল ডেস্ক, ANEWS24X7: উৰিষ্যাত পুনৰ অঘটন ৷ কিছুদিন পূৰ্বে ৰাছিয়াৰ এজন আইন প্ৰণেতাসহ দুজন ৰাছিয়াৰ নাগৰিকৰ মৃত্যুৰ পিছতে মঙলবাৰে পুনৰ এজন ৰাছিয়ান নাগৰিকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷
ৰাজ্যখনৰ জগতসিংপুৰ জিলাৰ পাৰাদ্বীপ বন্দৰত চেৰ্জি মিলিয়াকভ নামৰ এজন ৰাছিয়ান নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে সন্দেহ কৰিছে যে ব্যক্তিজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ উৰিষ্যাত ইজনৰ পিছত সিজন ৰাছিয়ান নাগৰিকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনা সন্দৰ্ভত জগতসিংপুৰৰ আৰক্ষী অধীক্ষক অখিলেশ্বৰ সিঙে কয় যে ,‘‘আমি জানিব পাৰিছো যে ব্যক্তিজন মালবাহী জাহাজখনৰ ক্ৰু সদস্য আছিল ৷ তেওঁৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ৷ ’’
উল্লেখ্য যে, ২৪ ডিচেম্বৰত ৬৫ বছৰীয়া পাভেল এন্টভৰ ৰায়গাড়ৰ এখন হোটেলৰ তৃতীয় মহলাৰ পৰা মৃত্যু হৈছিল ৷ ইয়াৰ ওপৰিও তেওঁৰ সহযোগী ভ্লাডিমিৰ বিডেনভৰ মৃতদেহ হোটেলৰ কোঠাত উদ্ধাৰ কৰা হৈছিল ৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে চাৰি সপ্তাহৰ ভিতৰত এক ব্যৱস্থা গ্ৰহণ প্ৰতিবেদন (এটিআৰ) বিচাৰি ৰায়গদা আৰক্ষী অধীক্ষকক জাননী জাৰি কৰিছে।
