ডিজিটেল ডেস্ক, ANEWS24X7: ৰাস্তাত সভা , ৰোড শ্ব’ অনুষ্ঠিত কৰিব নোৱাৰিব ৷ ৰাষ্ট্ৰীয় ঘাইপথ ,ৰাজ্যিক ঘাইপথ , পৌৰ নিগম আৰু পঞ্চায়ত অঞ্চলত কোনো ৰাজহুৱা সভা আৰু পথ প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব ৷
এই নিৰ্দেশনা জাৰি কৰিছে অন্ধ্ৰ প্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ চৰকাৰে ৷নিৰ্দেশনা অনুসৰি আৰক্ষী অধীক্ষক আৰু আৰক্ষী আয়ুক্ত সকলে কিছুমান বিশেষ পৰিস্থিতিত ৰাজহুৱা সভা আৰু পথ প্ৰদৰ্শনীৰ অনুমতি প্ৰদান কৰিব পাৰিব ৷
উল্লেখ্য যে দেওবাৰে বিৰোধী তেলেগু দিচাম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে এটা ৰোড শ্ব’ত অংশ গ্ৰহণ কৰিছিল ৷ এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰা সময়ত দুৰ্ঘটনাত পতিত হয় ৷ ঘটনাটোত তিনিগৰাকী মহিলা নিহত হৈছিল ৷ ইয়াৰ পূৰ্বেও দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাত নাইডুৰ ৰোড শ্ব’ৰ সময়ত হোৱা পদদলিত হৈ আঠজন লোক নিহত হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল ৷
এই ঘটনাৰ পিছতে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে ৷ অন্ধ্ৰ চৰকাৰে ৰাজ্যখনত সকলো ধৰণৰ ৰাজহুৱা সভা আৰু ৰাজপথত ৰোড শ্ব’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
