Thursday, March 12, 2026
Homeৰাজনৈতিকত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা ৷ এইবাৰ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বাসগৃহত অগ্নিসংযোগ কৰে ৷ অগ্নিকাণ্ডৰ ফলত কেইবাখনো বাহন ভস্মীভূত হয় ৷

উদয়পুৰৰ জামজুৰিস্থিত বিপ্লৱ দেৱৰ বাসগৃহত বুধবাৰে তেওঁৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠিত হোৱা কথা আছিল ৷ ইয়াৰ পূৰ্বে মঙলবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাত তীব্ৰ গৰিহণা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ ঘটনাৰ আঁৰত ৰাজ্যখনৰ বিৰোধী দল চিপিআই (এম) জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷

তেওঁ কয় যে , “এয়া চিপিআই(এম)ৰ দুৰ্বৃত্তৰ কাম। তেওঁলোকে এটা শোভাযাত্ৰা উলিয়াই আহি আছিল। আক্ৰমণটো চিপিআই(এম)ৰ শোভাযাত্ৰাৰ পৰাই কৰা হৈছিল।’’ বিপ্লব দেৱে ৰাজ্যিক আৰক্ষীৰ সঞ্চালক প্ৰধানক ফোন কৰি অভিযোগ দাখিল কৰিছে । বিপ্লৱ কুমাৰ দেৱৰ এই অভিযোগ অস্বীকাৰ কৰিছে চিপিআই(এম) দলে ৷

উল্লেখ্য যে , ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপ্লব দেৱক একাধিকবাৰ আক্ৰমণ কৰা হৈছিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঘৰত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments