ডিজিটেল ডেস্ক, ANEWS24X7: নৱবৰ্ষৰ প্ৰথম দুটা দিনত কঁপি উঠিছিল জম্মু-কাশ্মীৰ ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিছিল জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ ৷ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু হৈছে ৷
ইয়াৰ পিছতে জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক চিআৰপিএফ কোম্পানী নিয়োগ কৰিছে গৃহ বিভাগে ৷ সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰিবৰ বাবে ৰাজৌৰী আৰু পুঞ্চ জিলাত ১৮ টা চিআৰপিএফৰ কোম্পানীৰ প্ৰায় ১৮০০ জোৱানক নিয়োগ কৰা হৈছে ৷
উল্লেখ্য যে দেওবাৰে ৰাজৌৰীৰ ডাংৰি গাঁৱত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল।এই আক্ৰমণত ৫ জন লোক নিহত হৈছিল ৷ আন এটা স্থানত হোৱা আইডি বিস্ফোৰণৰ ফলত দুজন শিশু নিহত হোৱাৰ লগতে ৬ জন লোক গুৰুতৰ ভাৱে আহত হৈছে ৷
