Friday, November 8, 2024
Homeৰাজনৈতিকমাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ চূড়ান্ত শুনানি

মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ চূড়ান্ত শুনানি

ডিজিটেল ডেস্ক,  ANEW24X7: উচ্চতম ন্যায়ালয়ত আন্তঃৰাজ্যিক পাৰ-পত্ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানী ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আবেদনৰ শুনানী গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ বোপান্না আৰু ভি. ৰামসুব্ৰমনিয়ামৰ বিচাৰপিঠে ৷

আন্তঃৰাজ্যিক পাৰ-পত্ৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাখিল কৰা আবেদনৰ চূড়ান্ত শুনানী আৰম্ভ কৰা হ’ব মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা৷

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত জাননী জাৰি কৰিছিল ৷ ইয়াৰ উত্তৰ নিদিয়াৰ বাবে সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে ৷ মাৰ্চ মাহৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments