Friday, November 8, 2024
Homeঅসমবিজেপিৰ সংসদীয় পৰিষদত অন্তৰ্ভুক্ত কৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম

বিজেপিৰ সংসদীয় পৰিষদত অন্তৰ্ভুক্ত কৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম

ডিজিটেল ডেস্ক ANEWS 24X7: বিজেপি দলে বুধবাৰে ঘোষণা কৰিলে নতুন সংসদীয় পৰিষদ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতি । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা সংসদীয় পৰিষদ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিত স্থান পাইছে অসমৰ প্ৰক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ।

বিজেপিৰ সংসদীয় পৰিষদত স্থান লাভ কৰা সদস্যসকল হ’ল – জে পি নাড্ডা (অধ্যক্ষ), ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, বি এল সন্তুোষ (সচিব)। আনহাতে, বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যসকল হ’ল – জে পি নাড্ডা (অধ্যক্ষ), নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, ভূপেন্দ্ৰ যাদৱ, দেৱেন্দ্ৰ ফাডনাভিছ, ওম মাথুৰ, বি এল সন্তুোষ (সচিব), ভানাথি শ্ৰীনিবাস।

উল্লেখ্য বিজেপিৰ সংসদীয় পৰিষদ দলটোৰ আটাইতকৈ শক্তিশালী সংস্থা । এই সমিতিৰ দ্বাৰাই দেশৰ নিৰ্বাচন সমূহত বিজেপি দলে কোন দলৰ লগত মিত্ৰতা কৰিব , কাৰ লগত মিত্ৰতা নকৰিব, বিধান পৰিষদৰ নেতা কাক নিৰ্বাচন কৰা হ’ব ইয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে দুয়োখন গুৰুত্ব পূৰ্ণ সমিতিতে স্থান লাখ কৰিছে অসমৰ প্ৰক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments