Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়যুদ্ধ বিৰতিৰ ঘোষণা ভ্লাদিমিৰ পুটিনৰ

যুদ্ধ বিৰতিৰ ঘোষণা ভ্লাদিমিৰ পুটিনৰ

নিউজ ডেস্ক, ANEWS24X7:  দীৰ্ঘ দিনৰ যুদ্ধৰ পিছত প্ৰথমবাৰলৈ যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ ৷ বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰম্ভ হোৱা পিছত প্ৰথমবাৰলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ বিৰতি ঘোষণা কৰিছে ৷ ৬ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা ৭ জানুৱাৰীৰ মাজনিশালৈ যুদ্ধবিৰতি বলবৎ কৰিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰ্থোডস্ক খ্ৰীষ্টানসকলক খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ অনুমতি দিবলৈ ইউক্ৰেইনত অস্থায়ী যুদ্ধবিৰতিৰ নিৰ্দেশ দিছে ৷

ৰাছিয়াৰ অৰ্থোডক্স খ্ৰীষ্টানসকলৰ নেতা পাত্ৰিয়াক কিৰিলে যুদ্ধবিৰতিৰ আহ্বান জনায়ছিল । তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ ইৰদগানেও পুটিনক যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছিল । এই আহ্বানৰ পিছতে ৰাছিয়ান চৰকাৰে যুদ্ধ বিৰতি ঘোষণা কৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক বিবৃতি যোগে কয় যে ,‘‘ মই ৰাছিয়ান ফেডাৰেচনৰ প্ৰতিৰক্ষা মন্ত্ৰীক ৬ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা ৭ জানুৱাৰীৰ মাজনিশালৈ যুদ্ধবিৰতি বলবৎ ৰাখিবলৈ নিৰ্দেশ দিছো ৷’’

পুটিনে লগতে কয় যে ,‘‘ বহুতো অৰ্থোডস্ক খ্ৰীষ্টানলোক বৰ্তমান যুদ্ধ চলি থকা অঞ্চলবোৰত বাস কৰে ৷ আমি ইউক্ৰেইনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক যুদ্ধবিৰতি ৰখাৰ বাবে আহ্বান জনাইছো যাতে অৰ্থোডস্ক খ্ৰীষ্টানসকলে গীৰ্জালৈ গৈ ধৰ্মীয় ৰীতি-নীতি পালন কৰিব পাৰে ৷’’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ যুদ্ধবিৰতি ঘোষণাক সমালোচনা কৰিছে ইউক্ৰেইনে ৷ ৰাছিয়াৰ এই ঘোষণাক ‘ভণ্ডামি’ আখ্যা দিছে ইউক্ৰেইনে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ পৰামৰ্শদাতা মিখাইলো পোডোলিয়াকে যুদ্ধবিৰতি ঘোষণাক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,‘‘ ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ এলেকাসমূহ প্ৰথমে মুকলি কৰিব লাগিব ৷ তেতিয়া অস্থায়ী যুদ্ধবিৰতি হ’ব ৷ এই ভণ্ডামিটো নিজৰ ওচৰত ৰাখিব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments