নিউজ ডেস্ক, ANEWS24X7: আমেৰিকা যুক্তৰাষ্টত সংক্ৰমণ বিয়পোৱাৰ পিছত এইবাৰ ভাৰতত এক্সবিবি ১.৫ বা ক্ৰেকেন প্ৰকাৰৰ নতুন নমুনা পোৱা গৈছে ৷ এক্সবিবি ১.৫ হৈছে অমিক্ৰণৰ এটা উপ-শাখা ৷ সংক্ৰমণ ক্ষমতাৰ ক্ষেত্ৰত ই এতিয়ালৈকে কৰ’ণা প্ৰজাতিৰ ভিতৰত আটাইতকৈ শক্তিশালী ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আশ্বাস দিয়ে যে দেশত কৰ’ণা পৰিস্থিতি নিয়ন্ত্ৰণত আছে ৷
শেহতীয়াকৈ চীনত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিদেশৰ পৰা অহা যাত্ৰীসকলৰ পৰীক্ষা আৰম্ভ কৰে ৷ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ বিদেশৰ পৰা অহা ১২৪ জন যাত্ৰীৰ শৰীৰত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰিছে ৷
ইয়াৰ ভিতৰত এতিয়ালৈকে ৪০ জন লোকৰ জিনম চিকোয়েঞ্চ কৰা হৈছে ৷ তাৰ বিতৰত ১৪ জন লোকৰ শৰীৰত এক্সবিবি আৰু এক্সবিবি ১.৫ ধৰা পৰিছে ৷ এজন ব্যক্তিৰ শৰীৰত বিএফ ৭.৪.১ ৰ ধৰা পৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ খবৰ অনুসৰি গুজৰাট , ৰাজস্থান আৰু কৰ্ণাটকৰ পাঁচজন লোকৰ শৰীৰত এক্সবিবি ১.৫ৰ নমুনা ধৰা পৰিছে ৷ প্ৰথমটো নমুনা আমেৰিকাৰ পৰা অহা জয়পুৰৰ এজন লোকৰ শৰীৰত ধৰা পৰিছিল ৷
অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে , ‘‘ দেশবাসীয়ে এই মুহূৰ্তত ইয়াকলৈ আতংকিত হোৱাৰ কোনো কৰাণ নাই ৷ ভয় কৰিব লগীয়া একো নাই ৷ চৰকাৰে সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু ৷ কিন্তু একে সময়তে , কৰ’ণানিয়ম অনুসৰণ কৰা সতৰ্ক হৈ থকাৰ প্ৰয়োজন ৷’’