ডিজিটেল ডেস্ক, ANEWS24X7:বহু বিতৰ্কিত ‘পাঠান’ ছবিয়ে লাভ কৰিলে চেন্ট্ৰেল বৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেচন চমুকৈ চিবিএফচিৰ ইউএ প্ৰমাণপত্ৰ । চিবিএফচিৰ পৰামৰ্শ অনুসৰি বিশেষ কেইটামান দৃশ্য কৰ্তন কৰাৰ পিছত ছবিখনে লাভ কৰিছে ইউএ প্ৰমাণপত্ৰ । শ্বাহৰুখ খান অভিনীত বহু চৰ্চিত পাঠান ছবিখনৰ ট্ৰিজাৰ আৰু ‘বেচৰম ৰং’ শাৰ্ষক গানটো মুক্তি লাভ কৰাৰ পিছতে বিতৰ্কৰ সন্মুখীন হৈছিল ছবিখন । ‘পাঠান’ ছবিখনৰ বিৰোধীতা কৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই দল সংগঠনে ।
চিবিএফচিয়ে ছবিখনৰ পৰা কৰ্তন কৰে মূল অভিনেত্ৰী দিপীকা পাডুকনৰ কেইটিমান ক্লজ আপ শ্বট আৰু ছবিখনৰ কিছুসংখ্যক শব্দ । ছবিখনৰ ‘বেচৰম ৰং’ গানটোত থকা তিনিটা বিশেষ দৃশ্য আঁতৰাই দিয়া হৈছে। ছবিখনত ব্যৱহাৰ কৰা ‘RAW’ শব্দৰ সলনি কৰি ‘হামাৰে’ , ‘লাংড়ে লুলে’ শব্দৰ ঠাইত ‘টুটা ফুটা’ , ‘শ্ৰীমতী ভাৰতমাতা’, ‘অশোক চক্ৰ’, আৰু ‘স্কচ’ৰ সলনি ক্ৰমে ‘হামাৰি ভাৰতমাতা’, ‘বীৰ পুৰস্কাৰ’, ‘ড্ৰিংক’ কৰা হৈছে।
উল্লেখ্য যে অহা ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনিত ‘পাঠান’ ছবিখনে । ৪ বছৰৰ বিৰতিৰ পিছথ শ্বাহৰুখ খান অভিনীতি ছবিখন ছবিগৃহলৈ আহিলে দৰ্শকে কেনেদৰে সঁহাৰি জনায় সেয়া লক্ষণীয় হ’ব ।