ডিজিটেল ডেস্ক, ANEWS24X7: আইন মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয় আৰু বিভিন্ন উচ্চ ন্যায়ালয়ত নতুন ন্যায়াধীশ নিযুক্তি দিয়াকলৈ দিছে সেউজ সংকেত ।
শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক আশ্বাস দিয়ে যে আহা তিনি দিনৰ ভিতৰত উচ্চ ন্যায়িক পৰ্যায়ত নিযুক্তিৰ বাবে ৪৪ জন ন্যায়াধীশৰ নাম প্ৰেৰণ কৰিব ।
যোৱা কেইমাহমান ধৰি ন্যায়াধীশ নিযুক্তিৰ বাবে কলেজিয়াম প্ৰণালীক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত মতানক্য চলি আছিল ।
ইয়াৰ মাজতে শুক্ৰবাৰে এটৰ্নি জেনেৰেল ভেংকটৰমণীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সংঞ্জয় কিষাণ কৌল আৰু এ এছ ওখৰৰ বিচাৰপীঠক কয় যে , ‘‘ উচ্চ ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ নিযুুক্তিৰ বাবে ১০৪ টা নামৰ পৰামৰ্শ দিছে । ইয়াৰ ভিতৰত তিনি দিনৰ ভিতৰত ৪৪ টা নাম পৰিস্কাৰ কৰা হ’ব । পৰৱৰ্তী ক্ষেত্ৰত সময়সীমা অনুসৰি পদক্ষেপ লোৱা হ’ব ।”