Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়কাৰাগাৰত উদ্ধাৰ ১১৭ টা মোবাইল

কাৰাগাৰত উদ্ধাৰ ১১৭ টা মোবাইল

ডিজিটেল ডেস্ক, ANEWS24X7: কাৰাগাৰৰ ভিতৰৰ পৰা ১১৭ টা মোবাই ফোন উদ্ধাৰ ৷ নিলম্বনৰ সন্মুখীন হ’ব লগা হ’ল কাৰাগাৰৰ ৫ গৰাকী বিষয়া ৷ এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ মণ্ডোলী কাৰাগাৰত ৷ যোৱা পষেকত কৰাগাৰত চলোৱা অভিযানৰ সময়ত উদ্ধাৰ কৰা হয় এই মবাইল ফোন সমূহ ৷

ইয়াৰ পিছতে নিলম্বন কৰা হয় কাৰাগাৰটোৰ উপ অধীক্ষক প্ৰদীপ শৰ্মা , উপ অধীক্ষক ধৰ্মেন্দ্ৰৰ মৌৰ্য , সহকাৰী অধীক্ষক ছানী চন্দ্ৰ , প্ৰধান ৱাৰ্ডাৰ লোকেশ ধমা আৰু ৱাৰ্ডাৰ হন্সৰাজ মীনাক ৷

ইয়াৰ উপৰিও কাৰাগাৰৰ সঞ্চালক প্ৰধান সঞ্জয় বানিৱালে সকলো কাৰাগাৰ অধীক্ষকক অভিযানকাৰীৰ দল গঠন কৰি কৰ্তৃত্বাধীন কাৰাগাৰসমূহত মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীৰ সন্ধান চলাবলৈ নিৰ্দেশ দিয়ে ৷ ভৱিষ্যতেও এই অভিযান অব্যাহাত থাকিব বুলি জানিবলৈ দিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments