ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰাখণ্ডৰ গড়ৱাল হিমালয়ৰ গুৰুত্বপূৰ্ণ জনপদ যোশীমঠত ভয়ংকৰ দুৰ্যোগ ৷ বিগত কিছুদিনৰ দিনৰ পৰা অঞ্চলটোত বৃহৎ ফাট পৰিলক্ষিত হৈছে ৷ ফাটবোৰ ক্ৰমাত বহল হৈ পৰাৰ ফলত এতিয়া তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ জনতালৈ ৷ অঞ্চলটোৰ প্ৰায় ৫০০ ত কৈ অধিক বাসগৃহ ক্ষতি গ্ৰস্ত হৈছে ৷
এনে পৰিস্থিতিত বৃহস্পতিবাৰৰ নিশাৰ পৰা প্ৰশাসনে যোশীমঠৰ বাসিন্দাসকলক নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা কাম আৰম্ভ কৰা হৈছে ৷ শুক্ৰবাৰৰ পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে ৷ প্ৰশাসনে হেলিকপ্টাৰ যোগেদি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷
যোশীমঠৰ দুৰ্যোগৰ কাৰণ জানিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে এটা বিশেষজ্ঞৰ দল গঠন কৰিছে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত এটা বিশেষজ্ঞৰ দল গঠন কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে শুক্ৰবাৰে যোশীমঠত ভূমিস্খলন আৰু ইয়াৰ প্ৰভাৱ দ্ৰুততাৰে তত্বাৱধান কৰিবলৈ এটা পেনেল গঠন কৰিছে ৷
উল্লেখ্য যে, যোশীমঠৰ ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে ৫৫০তকৈ অধিক গৃহ ক্ষতিগ্ৰস্ত হৈছে ৷ চামোলি জিলাৰ কেইবাটাও ঠাইত যেনে সিংধৰ জৈন, মাৰোৱাৰী, জে পি কলনীত ঘৰবোৰত প্ৰতিদিনে নতুন ফাট দেখা গৈছে। ইয়াৰ পিছতে, যোশীমঠৰ আতংকিত স্থানীয় লোকসকলে তেওঁলোকক স্থানান্তৰ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল।