ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰচণ্ড ধুমুহাৰ বতাহৰ কবলত আমেৰিকাৰ কেলিফ’ণিয়া ৷ ধুমুহাৰ কবলত পৰি বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে ৭০ হাজাৰতকৈ অধিক গৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান ৷
প্ৰশান্ত মহাসাগৰত এক নিম্ন চাপৰ সৃষ্টি হোৱাৰ ফলত কেলিফ’ণিয়া চহৰত ধুমুহা আৰু প্ৰবল বৰষুণৰ লগতে তুষাৰপাতৰ সৃষ্টি হয় ৷ ধুমুহা বতাহৰ ফলত ব্যাহত হৈ পৰে ৰাজহুৱা জীৱন ৷ কেলিফ’ণিয়াত এতিয়া চাৰিওদিশে প্ৰকৃতিৰ বিধ্বস্ত ৰূপ ৷
ধুমুহা বতাহৰ পিছত এতিয়া ৰাস্তাত পানী জমা হোৱাৰ লগতে গছ-গছনি ভাঙি পৰাৰ ফলত যান-বাহন চলাচল বন্ধ হৈ পৰিছে ৷ অৱশ্যে চহৰখনৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা ৪ লাখ গ্ৰাহকক পুনৰ বিদ্যুৎ সেৱা যোগান ধৰিবলৈ সক্ষম হৈছে।