Friday, November 8, 2024
Homeঅসমকেতিয়া বন্ধ থাকিব ইণ্টাৰনেট সেৱা

কেতিয়া বন্ধ থাকিব ইণ্টাৰনেট সেৱা

ডিজিটেল ডেস্ক, A NEWS 24X7: ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ খালী পদৰ বাবে অনুষ্ঠিত কৰিব বাচনি পৰীক্ষা । অহা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’ব লগীয়া এই বাচনি পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে SOP।

ৰাজ্য চৰকাৰে জাৰি কৰা SOP অনুসৰি পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত জিলাকেইখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ্থী সকলে পৰীক্ষা হললৈ মোবাইল ফোন নিব নোৱাৰিব ৷ বিশেষভাৱে সক্ষম প্ৰাৰ্থী সকলৰ বাবে ব্যৱস্থা কৰা হ’ব ৷ পৰীক্ষা পৰিচালনা কৰিবৰ বাবে সকলো গেজেটেড বিষয়া নিয়োগ কৰা হ’ব ৷ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকিব লাগিব শীৰ্ষ আৰক্ষী বিষয়া ৷

পৰীক্ষাৰ সময়ত খেলিমেলি হ’লে ইয়াৰ বাবে দায়বদ্ধ হ’ব জিলা খনৰ উপায়ুক্ত। পৰীক্ষাস্থলীৰ আশে-পাশে নিৰাপত্তৰক্ষী নিয়োগ কৰা হ’ব ৷ অসাধু শক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সস্তম হৈ থাকিব লাগিব আৰক্ষী অধীক্ষক সকল ৷ নিকা ভাবে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ এই সন্দৰ্ভত বুধবাৰে ৰাজ্যৰ সকলো জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চযোগে মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত বৈঠকতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে এই SOP ।

উল্লেখ্য যে বিভিন্ন সময়ত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি অহা পৰীক্ষা সমূহত আগতিয়াকৈ প্ৰশ্ন কাকত লিক হৈ আহিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments