ডিজিটেল ডেস্ক, ANEWS24X7: মেয়ৰ নিৰ্বাচনকলৈ উত্তপ্ত দিল্লীৰ ৰাজপথ । দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনকলৈ সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
আপ আৰু বিজেপি দুয়োটা দলৰ নৱ নিৰ্বাচিত কাউঞ্চিলাৰ সকল ৰাজপথলৈ ওলাই আহে । প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী আৰক্ষীয়ে পানী হিলৈ ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।
যোৱা শুক্ৰবাৰে দিল্লী পৌৰ নিগমৰ মেয়ৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । মেয়ৰ নিৰ্বাচনৰ অনুষ্ঠানত আপ আৰু বিজেপিৰ কাউঞ্চিলাৰ সকলৰ মাজত হতাহতিৰ সৃষ্টি হয় ইয়াৰ ফলত মেয়ৰৰ নিৰ্বাচন পিছুৱাই দিবলগীয়া হৈছিল ।
ইয়াৰ পিছতে সোমবাৰে আপে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ প্ৰতিবাদত বিজেপিয়েও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত প্ৰায় ২০০০ বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । কেজৰিৱালৰ গৃহলৈ প্ৰতিবাদী সমদলটোৱে যাত্ৰা কৰিবলৈ বিচৰাৰ বাবে বাধা প্ৰদান কৰে দিল্লী আৰক্ষীয়ে । প্ৰতিবাদকাৰীক ছত্ৰভংগ কৰিবলৈ পানী হিলৈ ব্যৱহাৰ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে, পৌৰ নিৰ্বাচনত কেজৰিৱাল নেতৃত্বাধীন আপে ২৫০ জনীয়া দিল্লী পৌৰ নিগমত ১৩৪ টা ৱাৰ্ডত জয়লাভ কৰিছিল । আনহাতে বিজেপি দলে ১০৪ টা ৱাৰ্ডত জয়লাভ কৰিছিল । অৱশ্যে দিল্লীৰ মেয়ৰ নিৰ্বাচনত ৰাজ্যসভাৰ তিনিজন সাংসদ আৰু লোকসভাৰ সাতজন সাংসদ আৰু ১৪ জন বিধায়কৰ ভোটদানৰ অধিকাৰ আছে ।
ইয়াৰ অৰ্থ হৈছে মুঠ ২৭৪ টা ভোটৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে ১৩৮ টা ভোটৰ প্ৰয়োজন হয় । যিটো দলে ১৩৮ টা ভোট লাভ কৰিব সেই দলৰে মেয়ৰ নিৰ্বাচিত হয় । সংখ্যাৰ ক্ষেত্ৰত এইবাৰ আম আদমি পাৰ্টিৰ হাতত ১৩৪ জন কাউঞ্চিলাৰ, ৩ জন ৰাজ্যসভাৰ সাংসদ আৰু ১৩ জন বিধায়ক আছে । যদি এই সকলো ভোট আপৰ মেয়ৰ প্ৰাৰ্থীৰ সপক্ষে পৰে তেন্তে ১৫০ টা ভোটৰ সৈতে মেয়ৰ নিৰ্বাচনত জয়ী হ’ব পাৰিব ।