ডিজিটেল ডেস্ক, ANEWS24X7: ছত্তীশগড়ত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান ৷ শুক্ৰবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কয়লা কেলেংকাৰীৰ আৰু মানি লণ্ডাৰিং অভিযোগ সন্দৰ্ভত অভিযান চলাই ইডিয়ে ৷ ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰ , কোৰবা , দূৰ্গ আৰু ঝাৰখণ্ড , বেংগালুৰুতো তালাচী চলাইছে ইডিয়ে ৷
ৰাজ্য চৰকাৰৰ আইএএছ বিষয়া আৰু সচিব সকলৰ লগতে অন্যান্য বিষয়া সকলকো তদন্তৰ আওতালৈ অনা হৈছে ৷ তদন্তকাৰী সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে যে , এই বৃহৎ কেলেংকাৰীৰ সৈতে জ্যেষ্ঠ আমোলা , ব্যৱসায়ী , ৰাজনীতিবিদ আৰু মধ্যস্থতাকাৰী জড়িত আছে ৷ এই চক্ৰটোৱে ছত্তীশগড়ত পৰিবহন কৰা প্ৰতি টন কয়লাৰ বাবে অবৈধভাৱে ২৫ টকা আদায় কৰা হয় ৷’’
উল্লেখ্য যে, ইডিয়ে বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাজ্যখনৰ এজন আইএএছ বিষয়া সমীৰ বিষ্ণোই আৰু কিছু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল ৷ এতিয়ালৈকে ইডিয়ে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ বাঘেলৰ উপ সচিব সৌম্য চৌৰাছিয়া , সমীৰ বিষ্ণোই , কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰী , লক্ষীকান্ত তিৱাৰী আৰু চুনীল আগৰৱালক গ্ৰেপ্তাৰ কৰিছে ৷