ডিজিটেল ডেস্ক, ANEWS24X7: জম্মুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে জম্মুত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিমানবন্দৰত জম্মুৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা আৰু প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াসকলে আদৰণি জনায় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ গৃহমন্ত্ৰী গৰাকীয়ে এই ভ্ৰমণৰ সময়ত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷ লগতে জম্মুৰ জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজৌৰীৰ ধানগৰী জনপথত সন্ত্ৰাসবাদীৰ গুলিত সংখ্যালঘূ সম্প্ৰদায়ৰ সাতজন লোক নিহত আৰু ১৪ জন লোক আহত হোৱা ঘটনা সন্দৰ্ভত কয় যে ,‘‘ এই আক্ৰমণৰ লগত জড়িত লোকসকলক ৰক্ষা দিয়া নহ’ব ৷ আজি মই জম্মুত আছো বিশেষকৈ ৰাজৌৰীত সংঘটিত দুৰ্ভাগ্যনক ঘটনাত নিহত লোকসকৰ বাবে ৷’’
এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভুক্তভোগীসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ কথা আছিল ৷ কিন্ত প্ৰতিকুল বতৰৰ বাবে সেয়া সম্ভৱ নহ’ল ৷ এনে পৰিস্থিতিত নিহত সাতজনৰ পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা পাতে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে , ‘‘ মই ভুক্তভোগী সাতজনৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ফোনযোগে কথা পাতিছিলো ৷ তেওঁলোকৰ বেদনা ভাগ বতৰা কৰিছিলো ৷ তেওঁলোকৰ শক্তি দেশৰ বাবে এক উদাহৰণ ৷’’
এগৰাকী ভুক্তভোগী মাতৃ সৰোজ বালাই কয় যে ,‘‘ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আমাৰ সৈতে ফোন কলৰ যোগেদি বাৰ্তালাপ কৰে ৷ তেওঁ পৰৱৰ্তী ভ্ৰমণত আমাক সাক্ষাৎ কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷ ধানগৰী আক্ৰমণত মই মোৰ দুয়োটা পুত্ৰক হোৰুৱাইছিলো ৷ হত্যাকাৰীসকলক ন্যায় আৰু কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছো ৷’’